‘দেশৰ ৮৩% অভিযন্তা কৰ্মহীন, এআই বিপ্লৱৰ বাবে আমি কিমান সাজু’
‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ আগষ্টঃ ‘আমাৰ দেশত যিমান গ্ৰেজুৱেট হৈছে তাৰে ৪৫ শতাংশই কৰ্মহীন৷ আমি বছৰি ১৫ লাখ অভিযন্তা তৈয়াৰ কৰোঁ– তাৰে ৮৩ শতাংশই বেকাৰ হৈ ঘৰতে বহি আছে৷ আজিকালি দেখোঁ অসমত চৈধ্য-পোন্ধৰশ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে ২৪ লাখ ল’ৰা-ছোৱালীয়ে আৱেদন কৰে৷’ –এই ভাষ্য সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ তথা ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷ নগাঁও বিশ্ববিদ্যালয়ৰ শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত শুকুৰবাৰে ‘কৃত্ৰিম বুদ্ধিমত্তাঃ শিক্ষাৰ ক্ষেত্ৰত আশংকা, সম্ভাৱনা আৰু প্ৰত্যাহ৩ান’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি বিশিষ্ট সাহিত্যিক-সাংবাদিকজনে এইদৰে কয়৷ ভাষণ প্ৰসংগত গোস্বামীয়ে আৰু কয়– ‘আইআইটিৰ দৰে প্ৰথম শাৰীৰ শিক্ষাৰ্থীসকলক কৰ্প’ৰেট গোষ্ঠীয়ে কেম্পাছতে নিৰ্বাচন কৰি লৈ যায়৷ তথাপি বহু আইআইটি গ্ৰেজুৱেট বেকাৰ হৈ বহি আছে৷ বেকবেঞ্চাৰসকলক কোনো কৰ্প’ৰেটে ল’ব নিবিচাৰে৷ কিন্তু তেওঁলোকেহে ভাল কাম কৰি আছে৷ তেওঁলোকেই নতুন ষ্টাৰ্টআপ কৰিছে, নতুন এপ্ছ তৈয়াৰ কৰিছে৷ যিখিনি মেধাৱী, তেওঁলোক কৰ্প’ৰেটৰ ট্ৰেপত পৰিছে৷ আগতে আমি দেখিছিলোঁ– কোনোবাই যেতিয়া সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত স্থান লাভ কৰে, তেতিয়া তেওঁক গামোচা পিন্ধাই আদৰণি জনোৱা হয়৷ এতিয়া তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি পালেও নিজৰ নিজৰ অঞ্চলত তেওঁলোকক গামোচা পিন্ধাই আদৰা হয়৷ আজি নিউ এডুকেচন পলিচী হৈছে৷ তাত ভাল ভাল কাম হৈছে, ভাল চিন্তা হৈছে৷ ভাল প্ৰক্ৰিয়া কিছুমান আহিছে৷ কিন্তু এআইৰ আগ্ৰাসন ভাৰতৰ বাবে উদ্বিগ্নতাৰ বিষয়৷ এআয়ে এনে এটা পৰিস্থিতিলৈ লৈ গৈছে যে অহা পাঁচ বছৰত শিক্ষাৰ ক্ষেত্ৰত কি হ’ব, পাঠ্যক্ৰম কি হ’ব, তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ ইলন মাস্কে কৈছে যে অহা ৩৬ মাহ অৰ্থাৎ তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়ৰ গুৰুত্ব নাইকিয়া হৈ যাব৷ এআয়ে আমাৰ জীৱনত ভূতৰ ওপৰত দানহ পৰা দি হয়তো ডাঙৰ প্ৰভাৱ পেলাব৷ এআইৰ ধবংসাত্মক ফল যেনেকৈ আছে, তেনেকৈ ইতিবাচক ফলো আছে৷ এটা সময়ত এআই সৃষ্টিশীলতাৰ চূড়ান্ত পৰ্যায়লৈ যাব৷ এআয়ে লাহে লাহে মানুহক মেনিপুলেট কৰিবলৈ আৰম্ভ কৰিছে৷’ উল্লেখ্য, শুকুৰবাৰে নগাঁও বিশ্ববিদ্যালয়ত শিক্ষানুষ্ঠানখনৰ ৮০ বছৰীয়া গৌৰৱময় ঐতিহ্যক সুঁৱৰি মহাবিদ্যালয় ঐতিহ্য দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰা হয়৷ নগাঁও মহাবিদ্যালয় [স্বতন্ত্ৰ]ৰ প্ৰাক্তন অধ্যক্ষ ড॰ শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ হিতেশ ডেকাই৷ ড॰ ডেকাই নগাঁও মহাবিদ্যালয়ৰ ঐতিহ্যৰ লগতে অসমৰ গৌৰৱময় সামাজিক, সাংস্কৃতিক ঐতিহ্য সম্পৰ্কেও আলোকপাত কৰে৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে মহাবিদ্যালয়ৰ গৌৰৱময় যাত্ৰাত সদায় অংশীদাৰ হৈ ৰোৱাৰ লগতে ইয়াৰ বাবে গৌৰৱান্বিত হৈ অহা বুলি মন্তব্য কৰে৷ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি নিৰ্দিষ্ট বিষয়ত দিয়া ভাষণ প্ৰসংগত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ সৃজনীশীল আৰু উদ্ভাৱনী প্ৰতিভাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিব পৰা সংশয়ৰ কথাও উল্লেখ কৰে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ সঠিক ব্যৱহাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক তথ্যসমৃদ্ধ হ’বলৈ আহ৩ান জনাই তেওঁ কয় যে ‘ডাটা’ই আজিৰ যুগত শক্তি হৈ পৰিছে৷ এআই বিপ্লৱৰ বাবে আমি কিমান সাজু বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘এআই এটা সাধাৰণ টুল নহয়৷ ইয়াক এটা এজেণ্ট বুলি ক’ব পাৰি৷ নিউক্লিয়েৰ বোম্ব, স্মাৰ্টফোন আৰু ইণ্টাৰনেট হৈছে টুল৷ ইয়াৰ প্ৰগ্ৰেমিং আমি নিজে কৰিছোঁ৷ গতিকে সিহঁত আমাৰ কথা মতে চলিব৷ কিন্তু এআই এজেণ্ট৷ এআয়ে সিদ্ধান্ত ল’ব পাৰে, নতুন সৃষ্টি কৰিব পাৰে৷ ইতিমধ্যে অসত্য কথা ক’বলৈ আৰম্ভ কৰিছে৷ অপেনহাইমাৰে যেতিয়া নিউক্লিয়েৰ বোমা পৰীক্ষা কৰিছিল, তেতিয়া গীতাৰ শ্লোগাক আওৰাইছিল৷ কিন্তু আমি নিজৰ ধৰ্ম-ঐতিহ্য-পৰম্পৰাৰ কথা কিমান চিন্তা কৰিছোঁ? আজিৰ আমাৰ ধৰ্মআচ্ছন্ন সমাজত ধৰ্মই গুৰুত্ব পাইছে৷ সেয়া ভাল কথা৷ মন্দিৰলৈ গৈছোঁ, পূজা-পাতাল কৰিছোঁ, মিডিয়াত ফটো এখন দিছোঁ৷ সেয়াই ধৰ্ম নেকি? ধৰ্মৰ গভীৰতালৈ আমি যাব পাৰিছোঁনে নাই? বেদান্তত এটা কথা খুব স্পষ্টকৈ আছে যে ব্যৱহাৰিক স্তৰৰ পৰা উত্তীৰ্ণ হ’বলৈ পাৰিলেহে মানুহে পাৰমাৰ্থিক স্তৰ পাব পাৰে৷ অৰ্থাৎ বেদান্তত ব্যৱহাৰিক জ্ঞানৰ কথা স্পষ্টভাৱে কোৱা হৈছে৷ বাস্তৱিকভাৱে ধৰ্ম মানে হৈছে তথ্যই সত্য৷ ব্যৱহাৰিক স্তৰৰ কথা আমাৰ প্ৰাচীন পৰম্পৰাই কৈ আহিছে৷ উদ্ভাৱনী চিন্তা-চৰ্চা আমাৰ থমকি ৰৈছে৷
আমাৰ নতুন চিন্তা-চৰ্চা নোহোৱা হৈ আহিছে৷ ভাৰতৰ উদ্ভাৱনী ক্ষমতা দ্ৰুতগতিৰে কমি আহিছে৷ আজি ১৪৫ কোটি ভাৰতৰ ভিতৰত ৬৫ শতাংশই ৩৫ বছৰীয়া মানুহ৷ কিন্তু আমাৰ এটা ছাৰ্চ ইঞ্জিন নাই, এটা ভাল এআই মডেল নাই, এটা ভাল ষ্টাৰ্টআপ নাই৷ আমি কপি-কাট হৈ পৰিছোঁ৷ আমি কপি-পেষ্ট কৰোঁ৷ ভাৰত এখন মেনুফেক্সাৰিং হাব হ’ব লাগিছিল৷ কিন্তু আমি এছেম্বলিং হাব হৈছোঁ৷ অথচ এইখন দেশত কি নাছিল? এইখন দেশৰ প্ৰাচীন সভ্যতা, ভাষা, সংস্কৃতি, দৰ্শন, বিজ্ঞান আদি বিশ্বৰ বাবে এক ডাঙৰ বিস্ময়৷’ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত পৌৰোহিত্য কৰা ড॰ শৰৎ বৰকটকীয়ে কয় যে জ্জ আগষ্ট তাৰিখটো কেৱল কেলেণ্ডাৰৰ এটা তাৰিখ নহয়, ই বুকুৰ স্পন্দন৷ নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা, নগাঁও বিশ্ববিদ্যালয়লৈ উন্নীত হোৱালৈকে অৰিহণা যোগোৱা ব্যক্তিসকলৰ তেওঁ শলাগ লয়৷ এই অনুষ্ঠানতে নগাঁও বিশ্ববিদ্যালয়ৰ উদ্যোগত আয়োজিত সদৌ অসম আন্তঃবিশ্ববিদ্যালয়যমহাবিদ্যালয় যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী সাহিত্য প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়৷ এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰী লয়নীতা বৰাই৷ দ্বিতীয় স্থান লাভ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিজ্ঞান প্ৰিয়দৰ্শনে৷ তৃতীয় স্থান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী মনশ্ৰী কাকতিয়ে৷ উদগনিমূলক বঁটা যুটীয়াভাৱে ক্ৰমে লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ দীপাংকৰ শৰণীয়া আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অনুৰাগ ডেকাই৷ এই অনুষ্ঠানৰ মুকলি সভাতে ২০২৫-চ্ছবৰ্ষৰ নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাৰ্ষিক আলোচনী উন্মোচন কৰা হয়৷ অনুষ্ঠানত ২০২৫-২৬বৰ্ষৰ নগাঁও বিশ্ববিদ্যালয়ৰ ‘News letter’ আৰু নগাঁও বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰিকা ‘Delve’ উন্মোচন কৰা হয়৷ সদৌ অসম আন্তঃ বিশ্ববিদ্যালয়, মহাবিদ্যালয় সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী সাহিত্য প্ৰতিযোগিতাৰ নিৰ্বাচিত ২৫টা প্ৰবন্ধৰ সংকলন ‘মোৰ সপোনৰ অসম’ শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হয়৷ নগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ মাণিক কৰৰ ‘Shri Shri Sankar Madhava Tirtha’ শীৰ্ষক গ্ৰন্থ, গণিত বিভাগৰ পত্ৰিকা ‘গণিত প্ৰবাহ’ উন্মোচন কৰা হয়৷ এই অনুষ্ঠানতে অসমীয়া বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত প্ৰকাশিত ‘সৃজনী’ শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰা হয়৷ এই অনুষ্ঠানতে নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিভাগত সৰ্বোচ্ছ নম্বৰ লাভ কৰা আখতাৰ বিন চুলতানা আৰু পুনম বৰাক মহেশ্বৰ শৰ্মা বৰঠাকুৰ সোঁৱৰণী বঁটা প্ৰদান কৰাৰ উপৰি প্ৰাণীবিজ্ঞান বিভাগত স্নাতকোত্তৰ শ্ৰেণীত সৰ্বোচ্ছ নম্বৰ লাভ কৰা শ্বাস্বতী ভৰদ্বাজক অধ্যাপক প্ৰভাত চন্দ্ৰ কাকতি স্মাৰক বঁটা প্ৰদান কৰা হয়৷ শুকুৰবাৰে পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ভাৰপ্ৰাপ্ত কুলসচিব ড॰ নৱপ্ৰসাদ নাথকে প্ৰমুখ্য কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বৰ্তমানৰ অধ্যাপক-অধ্যাপিকা, অনা-শিক্ষক-কৰ্মচাৰীৰ উপৰি ছয় শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ নগাঁও বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড॰ নিতুমণি বৰাই আঁত ধৰা বৰ্ণাঢ্য অনুষ্ঠানটো জাতীয় সংগীত পৰিৱেশনেৰে অন্ত পৰে৷






